Gauhati University Open Text Book Examination 2021 | Best Guide

Post Content

Gauhati University Open Text Book Examination 2021 | OTB Exam Process
Due to the COVID-19 pandemic in Assam, Gauhati University has decided to conduct all the UG/PG exam through OTBE (Open Text Book Examination) in the online mode.
In this post, we cover everything related to Gauhati University Open Text Book Examination (OTBE).
Introduction –

Open Text Book Examination (OTBE) নাইবা Open Book Examination (OBE) এনে এক পৰীক্ষা, য’ত পৰীক্ষাৰ্থীজনে  প্ৰশ্নৰ উত্তৰ লিখিবলৈ  কিতাপ বা অন্য কোনো অধ্যয়ন সামগ্ৰীৰ সহায় ল’ব পাৰে ৷  অন্য সকলো দিশতে এই OTBE পৰীক্ষা সাধাৰণ  পৰীক্ষাৰ লগত একে ৷

Important  Information  of Gauhati University Open Text Book  Exam 2021

  • এই OTB পৰীক্ষা অনলাইন মাধ্যমেৰে হ’ব ৷
  • এই পৰীক্ষা সাধাৰণ পৰীক্ষাৰ নিচিনাকৈ কোনো ধৰণৰ Offline মাধ্যমত নহব ৷  প্ৰশ্নকাকত Download কৰাৰ পৰা পৰীক্ষাবহী Upload কৰালৈকে, পৰীক্ষাৰ সকলো প্ৰক্ৰিয়া মাত্ৰ Online মাধ্যমত হ’ব ৷
  • ছাত্ৰ – ছাত্ৰীসকলে লাগতীয়াল সকলো সা-সজুলি যেনে – Smart Phone/Computer/Tablet আৰু Internet (Mobile Data) ইত্যাদি আগতীয়াকৈ যোগাৰ কৰি লব।
  • Gauhati University য়ে এই গোটেই প্ৰক্ৰিয়াটোক ছাত্ৰ – ছাত্ৰীৰ মাজত আগতিয়াকৈ অনুশীলনৰ কাৰণে মুকলি কৰি দিব। (Mock Test Process)

N. B – এই   প্ৰক্ৰিয়াত প্ৰয়োজন হোৱা  Website ৰ বিস্ত্ৃত  বিৱৰণ আৰু অন্যান্য সকলো তথ্য যথাসময়ত Gauhati University ৰ দ্বাৰা প্ৰকাশ কৰা হব [Important Website ৰ link সমূহ আমাৰ এই Page ৰ শেষত পাব]

 পঢ়ক – OTB Exam New Update 

 EXAM PROCESS (পৰীক্ষা প্ৰক্ৰিয়া) – 

এই Open Text Book Examination (OTBE) সন্দৰ্ভত এজন শিক্ষাৰ্থীয়ে মানিবলগীয়া নিয়মখিনি হৈছে –

OTB পৰীক্ষা অনুস্থিত হোৱাৰ আগত  –

  1. সকলো ছাত্ৰ – ছাত্ৰীয়ে নিজৰ নিজৰ Mobile Number বিশ্ববিদ্যালয়ৰ IUMS Portal ৰ জৰীয়তে অন্তৰ্ভুক্ত কৰিব লাগিব।
  2. ছাত্ৰ – ছাত্ৰী সকলে অনুশীলন (Mock Test) ৰ কাৰণে মুকলি কৰি দিয়া Website ত ভাগলোৱাটো বাঞ্ছনীয় ৷

OTB পৰীক্ষা অনুস্থিত হোৱাৰ দিনা –

 

  • ছাত্ৰ – ছাত্ৰী সকলে পৰীক্ষাৰ দিনা পৰীক্ষাৰ Website ত নিজৰ নিজৰ Registration No, Registered Mobile No আৰু Date of Birth ৰ যোগেদি  login কৰিব লাগিব।
  • প্ৰশ্নকাকতখন (Question Paper) নিজৰ নিজৰ Computer বা Smart ফোনলৈ Download কৰিব লাগিব।
  • পৰীক্ষাৰ উত্তৰ নিজৰ হাতেৰে বগা A4 আকাৰৰ কাগজত লিখিব লাগিব।
  • তেওঁলোকৰ উত্তৰ বহীৰ পৃষ্ঠাবোৰক স্কেন্ (Scan) কৰি এটা মাত্ৰ PDF File বনাব লাগিব। 
  • পৰীক্ষাৰ অন্তত তেওঁলোকে তৈয়াৰ কৰা PDF File টো Gauhati Unversity ৰ Website ত Upload কৰিব লাগিব।
  • PDF File টোৰ আকাৰ 5.0 MB ত কৈ বেছি হব নোৱাৰিব।

Question Paper Download –

প্ৰতিটো OTB পৰীক্ষাৰ কাৰণে প্ৰশ্নকাকতখন পৰীক্ষা আৰম্ভ হোৱাৰ 30 মিনিট আগতে Download ৰ কাৰণে উপলব্ধ হ’ব ৷

(উদাহৰণস্বৰূপে, যদি পৰীক্ষাৰ সময়সীমা 09:00 বজাৰ পৰা 12:00 বজালৈকে হয়, তেন্তে প্ৰশ্নকাকতখন 08:30 বজাত Download ৰ কাৰণে উপলব্ধ হব৷)

পঢ়ক – How to make small size pdf for GU OTB Exam

Preparaing  the Answar sheet for gu otbe exam –

এই OTB Exam ৰ এটা অন্যতম গুৰুত্বপূৰ্ণ কাৰ্য্য হ’ল পৰীক্ষাৰ উত্তৰ বহী তৈয়াৰ কৰা ৷ এই ক্ষেত্ৰত এজন পৰীক্ষাৰ্থীয়ে অতি সাৱধানতাৰে গোটেই প্ৰক্ৰিয়াটোত গুৰুত্ব দিয়া উচিত ৷

  • সকলো প্ৰশ্নৰ উত্তৰ পৰীক্ষাৰ্থীয়ে নিজ হাতেৰে A4 আকাৰৰ বগা কাগজত লিখিব লাগিব ৷
  • উত্তৰ বহীৰ PDF File ৰ আকাৰ কোনো কাৰণতেই  5.0 MB ৰ বেছি হ’ব নোৱাৰিব৷ যদি PDF File ৰ আকাৰ  5.0 MB তকৈ বেছি হয়, পৰীক্ষাৰ্থীজনে File টো  Upload কৰিব নোৱাৰিব।
  • Answer Sheet স্কেন্ (Scan) কৰোঁতে সদায়েই Page খন কলা-বগা কৈ (Black & White) Scan কৰা উচিত, কাৰণ ৰঙীন Scan ৰ আকাৰ নিশ্চয়কৈ বেছি হয়৷
  • উত্তৰ বহীৰ প্ৰথম পৃষ্ঠাত তলত দিয়া তথ্য খিনি থাকিব লাগিব –
  • Subject Name and Subject Code
  • Registration number
  • Roll number
  • Paper Code
  • ছাত্ৰ – ছাত্ৰী সকলে উত্তৰ বহীৰ সকলো পৃষ্ঠাত 1 ৰ পৰা 10 লৈ ক্ৰমান্বয়ে সংখ্যা লিখি যাব।

 (পৰীক্ষাৰ্থী সকলৰ কাৰণে নমুনা (Sample) হিচাপে  GU  এ 10 পৃষ্ঠাৰ এখন উত্তৰ বহীৰ নমুনা তৈয়াৰ কৰিছে ৷ এই উত্তৰ বহীখন তলত দিয়া লিংকৰ পৰা Download কৰিব পাৰিব ৷ পৰীক্ষাৰ্থীসকলে এই নমুমামূলক উত্তৰ বহীখনো নিজৰ উত্তৰ বহী হিচাবে ব্যৱহাৰ কৰিব পাৰিব ৷)

 Answer Sheet Sample – Download কৰক

Answer Sheet Upload –

পৰীক্ষাৰ্থীসকলে পৰীক্ষা আৰম্ভ হোৱাৰ 30 মিনিট পাছৰ পৰা পৰীক্ষা শেষ হোৱাৰ এঘন্টা পাছলৈকে, উত্তৰ বহী Upload  কৰিব পাৰিব।

 (উদাহৰণস্বৰূপে, যদি পৰীক্ষাৰ সময়সীমা 09:00 বজাৰ পৰা 12:00 বজালৈকে হয়, তেন্তে পৰীক্ষাৰ উত্তৰ বহী পৰীক্ষাৰ্থীসকলে 09:30 বজাৰ পৰা 01:00 বজালৈকে Upload কৰিব পাৰিব৷

(ছাত্ৰ – ছাত্ৰী সকলে পৰীক্ষাৰ অন্তত  Answer Sheet (PDF)  Upload কৰাৰ  পিছত  Successfull Notification নহালৈ কিছুসময় অপেক্ষা কৰে যেন, কিয়নো এই সময়ত বহুটো ছাত্ৰ – ছাত্ৰীয়ে একেলগে এই PDF Upload  কৰি থাকিব, যাৰ বাবে  PDF Submit হোৱাত কিছু সময় লাগিব পাৰে ।)

 

Mock Test –

  • গুৱাহাটী বিশ্ববিদ্যালয়ে পৰীক্ষাৰ্থীসকলক এই OTB Exam প্ৰক্ৰিয়াটোৰ লগত চিনাকী কৰি দিবলৈ এটা অনুশীলনমূলক পৰীক্ষা(Mock Test) মুকলি কৰি দিব ৷
  • এই অনুশীলন পৰীক্ষাটো বিভিন্ন শাখাৰ (Stream) বেলেগ বেলেগ বিষয় (Subject) অনুসৰি বেলেগ বেলেগ দিনত খোলা যাব ৷ সধাৰণতে এই Portal (Mock Test) টো বিভিন্ন বিষয়ত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীৰ সংখ্যা অনুসৰি, এদিনৰ পৰা কেইবাদিন পৰ্য্যন্ত খোলা থাকিব ৷ ইয়াৰ সময়সূচী তলত দিয়া লিংকৰ পৰা  চাব পাৰিব –

OTB পৰীক্ষাৰ Link – ইয়াত Click কৰক (available now)

 

How to Appear Mock Test in Gauhati University website?  অনুশীলনমূলক পৰীক্ষা কেনেকৈ দি

 

  • এজন পৰীক্ষাৰ্থীয়ে তেওঁৰ শাখা (Stream) বা বিষয় (Subject) অনুসৰি সেইদিনাৰ Mock Test ৰ বাবে Gauhati University Portal ত দিয়া নিৰ্দ্দেশ (Instruction) অনুযায়ী Login কৰিব লাগিব ৷
  • এই অনুশীলনমূলক পৰীক্ষা (Mock Test) Portal ৰাতিপুৱা 08:00 বজাৰ পৰা আবেলি 04:00 বজালৈকে খোলা থাকিব । এজন পৰীক্ষাৰ্থীয়ে এই সময়সীমাৰ ভিতৰত যিকোনো সময়তে Login কৰিব পাৰিব ৷ যদি প্ৰথমবাৰ Login কৰোঁতে কোনো পৰীক্ষাৰ্থী অসুবিধাৰ সন্মুখীন হয়, তেন্তে প্ৰযোজন অনুসৰি তেওঁ এবাৰতকৈ বেছিও Login কৰিব পাৰে।
  • Login কৰাৰ পাছত পৰীক্ষাৰ্থীজনে এখন এক পৃষ্ঠাৰ  নিৰ্দ্দেশাৱলী (Instruction) Download কৰিব লাগিব, যিখন Download কৰাৰ প্ৰক্ৰিয়া এখন প্ৰকৃত প্ৰশ্নকাকত Download কৰাৰ নিচিনাই হ’ব, যিখনত পৰীক্ষাৰ্থী এজনে এই অনুশীলনমূলক পৰীক্ষাৰ দিনা কি কি নিয়ম পালন কৰিব লাগিব, সেইয়া লিখা থাকিব ৷
  • ইয়াৰ পাছত পৰীক্ষাৰ্থীজনে দহটা পৃষ্ঠা Scan কৰি তৈয়াৰ কৰা PDF File টো Upload কৰিব লাগিব, যাৰ আকাৰ 5.0 MB তকৈ বেছি হ’ব নোৱাৰিব ৷
  • Download আৰু Upload প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ লগে লগেই এই অনুশীলনমূলক পৰীক্ষা (Mock Test) শেষ হ’ব।
  • এই অনুশীলনমূলক পৰীক্ষাৰ প্ৰক্ৰিয়া প্ৰকৃতভাৱে  হ’বলগীয়া পৰীক্ষাৰ (Main Exam) প্ৰক্ৰিয়াৰ লগত  একে ৷

(পৰীক্ষাৰ্থীসকলে এই  Mock Test ত এইটো কথা গুৰুত্ব দিয়া উচিত যে  তেওঁলোকে যাতে  Gauhati University এ  দিয়া পৰীক্ষাৰ সময়সীমাৰ ভিতৰত  Download আৰু Upload ৰ এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পন্ন কৰে, কিয়নো প্ৰকৃত পৰীক্ষাত পৰীক্ষাৰ্থীসকলে এই প্ৰক্ৰিয়াটো মাত্ৰ এবাৰতে সম্পূৰ্ণ কৰিব লাগিব ৷  )

বিঃ দ্ৰঃ – উপৰোক্ত আটাইবোৰ তথ্য় গুৱাহাটী বিশ্ববিদ্য়ালয়ে দিয়া জাননী অনুসৰি সহজ ভাষাত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে প্ৰকাশ কৰা হৈছে।

N. B –All the Above information are collected from Gauhati University Official Guidelines. If anyone want see official guidelines of gu open text book exam, click  below the link :

GU OTB Exam Notice –  Download কৰক 

Answer Sheet Sample – Download কৰক

অনুশীলন পৰীক্ষাৰ Link – ইয়াত Click কৰক (Now Available)

BA/B.Sc 5th semester OTB Exam Routine – Download

B. Com 5th semester OTB Exam Routine- Download

You also Check another exam-related update: Click here

 

Read-

GU 1st Sem Exam Routine

GU 3rd Sem Exam Routine

GU Form Fill Up 2021-22

GU Results

Add Your Heading Text Here

Scroll to Top